গুৱাহাটীঃ গুৱাহাটী মহানগৰৰ চিটি বাছ সেৱাৰ ক্ষেত্ৰত পৰিবহণ বিভাগে কেতবোৰ নতুন নিয়ম-নীতি ঘোষণা কৰিছে৷

সেই অনুসৰি বাছসমূহত কোনো হেণ্ডিমেন নাথাকিব আৰু এটা বাছ ষ্ট’পেজত সেইখন বাছ সৰ্বাধিক ২ মিনিটৰ বাবেহে ৰ’ব পাৰিব৷ 

সিফালে, গাড়ী সন্মুখৰ গ্লাছত চালকৰ এখন বৃহৎ ফটো লগাব লাগিব৷ এই ফটোখন ৫০ মিটাৰ দূৰৰপৰা চকুত পৰিব লাগিব৷

আনহাতে, মহানগৰত বৰ্তমানৰ ২২ টা চিটি বাছ সেৱাৰ পথ বৃদ্ধি কৰি ৩৭ টা কৰা হৈছে৷ সেই ক্ৰমিক নম্বৰ অনুসৰি সেৱাকেইটা হৈছেঃ

১. খানাপৰাৰ পৰা জালুবাৰীলৈ, ভায়া, ছয়মাইল, দিশপুৰ, গণেশগুৰি, ভঙাগড়, পল্টনবজাৰ, পানবজাৰ, ফাঁচীবজাৰ, ভৰলুমুখ, কামাখ্যা গেট, মালিগাঁও চাৰিআলি৷

২. বশিষ্ঠ মন্দিৰৰপৰা জালুকবাৰী, ভায়া, বশিষ্ঠ চাৰিআলি, বেলতলা বজাৰ, দিশপুৰ লাষ্টগেট, গণেশগুৰি, ভঙাগড়, পল্টনবজাৰ, পানবজাৰ, ফাঁচীবজাৰ, ভৰলুমুখ, কামাখ্যা গেট, মালিগাঁও চাৰিআলি৷

৩. নটবোমাৰপৰা জালুকবাৰী, ভায়া, হাতীগাঁও চাৰিআলি, ৰাজধানী মজছিদ, দিশপুৰ লাষ্টগেট, গণেশগুৰি, ভঙাগড়, পল্টনবজাৰ, পানবজাৰ, ফাঁচীবজাৰ, ভৰলুমুখ, কামাখ্যা গেট, মালিগাঁও চাৰিআলি৷

৪. চাৰ্ছ ফিল্ডৰপৰা পাণ্ডু, ভায়া, পানবজাৰ, ফাঁচীবজাৰ, ভৰলুমুখ, কামাখ্যা গেট, মালিগাঁও চাৰিআলি৷

৫. কাহিলীপাৰাৰপৰা জালুকবাৰী, ভায়া, দক্ষিণ গাঁও তিনিআলি, জটিয়া, গণেশ মন্দিৰ, গণেশগুৰি, ভঙাগড়, পল্টনবজাৰ, পানবজাৰ, ফাঁচীবজাৰ, ভৰলুমুখ, কামাখ্যা গেট, মালিগাঁও চাৰিআলি৷

৬. কাছাৰীৰপৰা কামাখ্যা মন্দিৰ, ভায়া, পানবজাৰ, ফাঁচীবজাৰ, ভৰলুমুখ, কামাখ্যা গেট৷

৭. ফৰেষ্ট গেটৰপৰা জালুকবাৰী, ভায়া, চান্দমাৰী, শিলপুখুৰী, চাৰ্ছ ফিল্ড, মাছখোৱা আৰু মালিগাঁও চাৰিআলি৷

৮. খানাপৰাৰ পৰা জালুবাৰীলৈ, ভায়া, বশিষ্ঠ চাৰিআলি, গেম ভিলেজ, সৰুসজাই ষ্টেডিয়াম, লখৰা, আই এছ বি টি, গড়চুক, বৰাগাঁও, জালুকবাৰী৷

৯. পল্টনবজাৰপৰা এয়াৰপৰ্ট, ভায়া, ভৰলুমুখ, মালিগাঁও চাৰিআলি, জালুকবাৰী৷

১০. পল্টনবজাৰপৰা জাগীৰোড, ভায়া, ভঙাগড়, গণেশগুৰি, ছয়মাইল, খানাপাৰা, যোৰাবাট, নিউ মাৰ্কেট, চামতা, টেটেলীয়া, ক্ষেত্ৰী, টপাটোলী৷

১১. আই এছ বি টিৰপৰা জালুকবাৰী, ভায়া, লখৰা, বশিষ্ঠ চাৰিআলি, বেলতলা তিনিআলি, দিছপুৰ লাষ্টগেট, গণেশগুৰি, চিৰিয়াখানা, জু-তিনিআলি, চান্দমাৰী, শিলপুখুৰী, চাৰ্ছ ফিল্ড, মাছখোৱা, মালিগাঁও চাৰিআলি৷

১২. চন্দ্ৰপুৰৰপৰা জালুকবাৰী, ভায়া, চিৎমাৰী, থানাবজাৰ, বেং তিনিআলি, হাতীশিলা, ৰে’লগেট, ফ’ৰেষ্ট গেট, নুনমাটি, অনুৰাধা, চান্দমাৰি, গুৱাহাটী ক্লাব, ডিষ্ট্ৰীক লাইব্ৰেৰী, কাছাৰী, ভৰলু/শান্তিপুৰ, ভূতনাথ

১৩. আই এছ বি টিৰপৰা পল্টনবজাৰ, ভায়া, ডি টি অ অফিচ, লখৰা, সাউকুচি, চাৰ্ভে, জ্যোতিকুচি, হনুমান মন্দিৰ, লালগণেশ, বেটেলিয়ন গেট, শনি মন্দিৰ, চাইকেল ফেক্টৰী, বিৰোবাৰী, চাৰাবভাটি, ৰিহাবাৰী, নেপালী মন্দিৰ৷

১৪. আই এছ বি টিৰপৰা কাছাৰী, ভায়া গড়চুক, কাটাবাৰী, পেট্ৰ’লপাম্প, নতুন বস্তী, দাতালপাৰা, মনপাৰা, গণেশপাৰা, ধীৰেনপাৰা, টিলা, টিলা ফেক্টৰী, আমবাৰী, ফটাশিল, ভৰলু৷

১৫. খানাপাৰাৰপৰা আমিনগাঁও, ভায়া বশিষ্ঠ চাৰিআলি, গেম ভিলেজ, লালমাটি, বেহৰবাৰী, সৰুসজাই, লখৰা, ডি টি অ অফিচ, আই এছ বি টি, গড়চুক, বৰাগাঁও, টেটেলীয়া, নাৰ্চাৰী, সংস্কৃত ক’লেজ, জালুকবাৰী৷

১৬. লালমাটিৰপৰা জালুকবাৰী, ভায়া, ভেটাপাৰা, হাতীগাঁও, ৰাজধানী মছজিদ, গণেশগুৰি, খ্ৰীষ্টিয়ান বস্তি, এ বি চি, ভঙাগড়, বৰা চাৰ্ভিছ, লাচিত নগৰ, অপ্সৰা, পল্টনবজাৰ, লাখটকীয়া, পানবজাৰ, ফাঁচীবজাৰ, মাছখোৱা, ভৰলুমুখ, শান্তিপুৰ, ভূতনাথ, কামাখ্যা গেট, মালিগাঁও গেট-৩, মালিগাঁও চাৰিআলি, আদাবাৰী৷

১৭. খানাপাৰাৰপৰা খানাপাৰা, ভায়া, ছয়মাইল, চুপাৰ মাৰ্কেট, গণেশগুৰি, জু, এ আই ডি চি, ডু-তিনিআলি, হাতীগড়, নাৰিকল বস্তী, গীতামন্দিৰ, মঠঘৰীয়া, নাৰেংগী, পাঠৰকুৱাৰী, মেগজিং, বিষ্ন নগৰ, বৰবাৰী, চছল, ছয়মাইল৷

১৮. ফৰেষ্ট গেটৰপৰা আমিনগাঁও ডি চি অফিচ, ভায়া, নুনমাটি, গুৱাহাটী ক’লেজ, অনুৰাধা, চান্দমাৰি, ৰেড ক্ৰচ, শিলপুখুৰী, গুৱাহাটী ক্লাব, ডিষ্ট্ৰীক লাইব্ৰৰী, আৰ বি আই, পানবজাৰ, ফাঁচীবজাৰ/মাছখোৱা, ভৰলু/শান্তিপুৰ, ভূতনাথ, কামাখ্যা গেট, মালিগাঁও গেট-৩, মালিগাঁও চাৰিআলি, আদাবাৰী, জালুকবাৰী৷

১৯. বশিষ্ঠ চাৰিআলিৰপৰা গুৱাহাটী ইউনিভাৰ্চিটি, ভায়া, গেম ভিলেজ, লালমাটি, বেহৰবাৰী, সৰুসজাই, লখৰা, ডি টি অ অফিচ, আই এছ বি টি, গড়চুক, বৰাগাঁও, টেটেলীয়া, নাৰ্চাৰী, সংস্কৃত ক’লেজ, জালুকবাৰী৷

২০. বশিষ্ঠ মন্দিৰৰপৰা কাছাৰী, ভায়া, চান্দমাৰি৷

২১. কাছাৰীৰপৰা আদাবাৰী৷

২২. বশিষ্ঠ মন্দিৰৰপৰা কাছাৰী, ভায়া, পল্টনবজাৰ৷

২৩. খানাপাৰাৰপৰা কাছাৰী, ভায়া, গণেশগুৰি ফ্লাই অ’ভাৰৰ ওপৰেৰে৷

২৪. লাল গণেশৰপৰা গুৱাহাটী ক্লাব, ভায়া, চান্দমাৰি৷

২৫. নটবোমাপৰা গুৱাহাটী ক্লাব, ভায়া, চান্দমাৰি৷

২৬. পাঞ্জাবাৰীৰপৰা কাছাৰী, ভায়া, চান্দমাৰি৷ 

২৭. কাছাৰীৰপৰা ধাৰাপুৰ চাৰিআলি, ভায়া, মালিগাঁও৷ 

২৮. কাছাৰীৰপৰা নাৰেংগী, ভায়া, চান্দমাৰি৷

২৯. চন্দ্ৰপুৰৰপৰা গুৱাহাটী ক্লাব, ভায়া, নুনমাটি, চান্দমাৰি৷

৩০. সাতগাঁঁওৰপৰা গুৱাহাটী ক্লাব, ভায়া, জু-ৰোড তিনিআলি, চান্দমাৰি৷

৩১. খানাপাৰাৰপৰা জালুকবাৰী, ভায়া, এন এইছ ৩৭৷

৩২. আই এছ বি টিৰপৰা পল্টনবজাৰ, ভায়া, লখৰা, লালগণেশ৷

 জি এম ছি এলেকাৰ বাহিৰতঃ 

৩৩. আদাবাৰীৰপৰা হাজু৷

৩৪. আদাবাৰীৰপৰা শুৱালকুছি

৩৫. ছয়গাঁওৰপৰা আদাবাৰী৷

৩৬. খানাপাৰাৰপৰা ক্ষেত্ৰী৷

৩৭. বৰ্ণিহাটৰপৰা জালুকবাৰী, ভায়া, বশিষ্ঠ, লখৰা৷