Home ক্ৰীড়াহৰদত্ত বীৰদত্ত ট্ৰফী ফুটবলত বৰমা উদাংশ্ৰীৰ ছেমিফাইনেলত প্ৰৱেশ

হৰদত্ত বীৰদত্ত ট্ৰফী ফুটবলত বৰমা উদাংশ্ৰীৰ ছেমিফাইনেলত প্ৰৱেশ

by News Desk
A+A-
Reset
rangia

newsnextoneৰঙিয়া ৫ অক্টোৱৰঃ অসম চৰকাৰৰ মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ সহযোগত ৰঙিয়া সমষ্টিৰ ক্ৰীড়ানুৰাগী ৰাইজৰ উদ্যোগত হৰদত্ত বীৰদত্ত ফুটবল ট্ৰফী প্ৰতিযোগিতাৰ ৰঙিয়া সমষ্টিৰ  বিভিন্ন খেল পথাৰত পোন প্ৰথমবাৰৰ বাবে চলি থকা দিবা- নৈশ ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা বৰমা উদাংশ্ৰী ক্লাব আৰু গোৰেশ্বৰ আঞ্চলিক ট্ৰাইবেল ক্ৰীড়া সন্থাৰ  কোৱাৰ্টাৰ ফাইনেল খেল খন ১—১ গ’লত অমীমাংসিত হোৱাত ট্ৰাইবেকাৰ পদ্ধতিত বৰমা উদাংশ্ৰী ক্লাবে গাটছাক ৭—৬ গ’লৰ ব্যৱধানত পৰাজিত কৰি উদাংশ্ৰী ক্লাবে ছেমিফাইনেলত  প্ৰৱেশ কৰে।  
তৰণী আৰিমত্ত মিনি স্টেডিয়ামত অনুষ্ঠিত খেলখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ কামিনী ভূঞাই। খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ,  হাৰেজুৰ ৰহমান, উমেশ শালৈ আৰু চহিদুল আলামে। কাইলৈ ৬ অক্টোবৰত গোৰেশ্বৰত অনুষ্ঠিত   হবলগীয়া খেলত প্ৰতিন্দ্বন্দিতা কৰিব ঢোলকুছি ট্ৰাইবেল সংঘ আৰু গুৱাহাটী চিটি পুলিছে ।

নছিউৰ ৰহমান,ৰঙিয়া

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0