newsnextone.com | ৰঙিয়াঃ প্ৰধানমন্ত্ৰী গ্ৰাম স্বৰাজ যোজনাৰ অধীনত অসমৰ বিভিন্ন ঠাইত আৰম্ভ হোৱা পথ সমূহত অসম চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিছে । পূৰ্বতে পথ সমূহ বিতুমিন নতুবা বিতুমেক্সৰে নিৰ্মাণ কৰিছিল যদিও বৰ্তমান অসম চৰকাৰে পথ সমূহ দীৰ্ঘম্যাদী হোৱাৰ বাবে প্ৰেভাৰ ব্লকৰে নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ।
এনে সময়তে ৰাজ্যৰ প্ৰায়বিৰ ঠাইৰ ব্যৱসায়ী যুৱকসকলে এক নতুন চিন্তাৰ অৱতাৰনা কৰি এক প্ৰকাৰ ৰাজ্য চৰকাৰে পথ নিৰ্মাণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত সহায়ক হোৱাকৈ প্ৰেভাৰ ব্লক নিৰ্মাণৰ উদ্যোগ সমুহৰ ফালে মনোনিবেশ কৰা পৰিলক্ষিত হৈছে । ৰঙিয়া ভাতকুছিত স্থানীয় উদীয়মান যুৱক ৰেকিৱ আহমেদে আৰম্ভ কৰা এ আৰ প্ৰেভাৰ ব্লক উদ্যোগ এটাৰ শুভ আৰম্ভনি কৰি ৰঙিয়াৰ মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈয়ে এনেদৰে কয়।