54
ৰঙিয়াঃ ৰাজ্যৰ পূৰ্বৰ চৰকাৰখনে প্ৰতিটো সমষ্টিতে একোখনকৈ মডেল হাস্পতাল স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেইমতে নিৰ্ধাৰিত সময়ত মডেল হাস্পতালসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল যদিও বিভিন্ন ঠাইত আজিলৈ মুকলি নহ’ল মডেল হাস্পতালসমূহ।
ঠিক তেনেদৰে ৰঙিয়াত স্থাপন হোৱা মডেল হাস্পতালখন সম্পূর্ণ হ’বৰ প্ৰায় এক বছৰ উকলি যোৱাৰ পিছতো ৰাজ্য চৰকাৰে হাস্পতালখন মুকলি নকৰিলে। যাৰ ফলত ৰঙিয়াবাসী ৰাইজে আশা কৰা ধৰণে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ’ব লগা হৈছে।