ডিজিটেল ডেস্কঃ দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তক ধমকি মাফিয়া পুত্ৰৰ৷ আণ্ডাৰৱৰ্ল্ড ডন হাজী মস্তানৰ তোলনীয় পুত্ৰ সুন্দৰ শেখৰে দিছে এই ভাবুকি৷ ৰজনীকান্তে ডনগৰাকীৰ ওপৰত ছবি নিৰ্মাণ কৰিব বুলি ওলোৱা খবৰ এটা লাভ কৰাৰ পিছতে অভিনেতাজনলৈ আহে এক ভাবুকি সম্বলিত মেছেজ৷

উক্ত ভিডিঅ’ সম্বলিত মেছেজত ডনজনৰ পুত্ৰই কয় যে ৰজনীকান্তে হাজী মস্তানৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া ছবিখনত হাজী মস্তানক যদি অপৰাধী হিাচাপে উপস্থাপন কৰে, তেন্তে ৰজনীকান্ত আৰু তেওঁৰ সমগ্ৰ টিমে তাৰ পৰিণাম ভোগ কৰিবৰ বাবে সাজু থাকিব লাগিব।

এনে কৰাৰ পৰিণাম ভয়ংকৰ হ’ব বুলিও ভাবুকি দিয়ে শেখৰে। উল্লেখযোগ্য যে কাবালী চলচিত্ৰৰ পৰিচালক পা ৰঞ্জিতৰ ’থালাইৱা ১৬১’চলচিত্ৰখন হাজী মস্তানৰ ওপৰত নিৰ্মান কৰিব বুলি প্ৰকাশ হৈছিল৷