ৰঙিয়াঃ পাকিস্থানৰ পোহনীয়া জইছ-ই-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোয়ে কাশ্মীৰত কৰ্মৰত চি আৰ পি এফৰ জোৱানৰ ওপৰত চলোৱা ভয়াবহ আক্ৰমণৰ পাছতে পাকিস্থানৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ দেশ।

৪২ জন চি আৰ পি এফ জোৱানে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱাৰ পাছত পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু সেনাবাহিনীক অহ্বান জনাইছে ভাৰতৰ প্ৰতিজন লোকে।

অসমৰ বাক্সা জিলাৰ তামুলপুৰ মনেশ্বৰ বসুমতাৰী শ্বহীদ হয় ভয়াবহ আক্ৰমণটোত। শনিবাৰে শ্বহীদগৰাকীৰ তামুলপুৰ আহি পোৱাৰ আগে আগে ৰঙিয়াত জ্বলিল পাকিস্থানৰ পতাকাৰ লগতে দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ পুত্তলিকা।

আবেলি ৰঙিয়া নগৰৰ ১ নং পুলিচ পইন্টত পাকিস্থানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ পুত্তলিকা দাহ কৰে বজৰংগ দলৰ সদস্যসকলে। ইয়াৰ পাছতে বি জে পি ৰঙিয়া টাউন মণ্ডল সমিতিয়ে ৰঙিয়া ১ নং পুলিচ পইণ্টত পাকিস্থানৰ পতাকা দাহ কৰাৰ লগতে পাকিস্থান গ' বেক ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে। 

ইফালে সন্ধিয়াৰ সময়ত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া গান্ধী মণ্ডপৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কাশ্মীৰত শ্বহীদ জোৱানসকলক শ্ৰদ্ধা জনায়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিৰ থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ধৰ্মেশ্বৰ দাস, কামৰূপ জিলা সমিতিৰ সম্পাদক হেমন্ত দাস। অনুষ্ঠানটোত দুয়োগৰাকী ছাত্ৰ নেতাই কাশ্মীৰত শ্বহীদ জোৱানসকলক শ্ৰদ্ধা জনোৱাৰ লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰত চৰকাৰক কঠোৰ হবলৈ অনুৰোধ জনায়।