ৰঙিয়াঃ নিউ বঙাইগাও-ৰঙিয়া-কামাখ্যা দ্বৈত ৰেলপথ নিৰ্মাণৰ কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পিছতো আজিও উপেক্ষিত হৈ ৰৈছে৷ অসমৰ অতি গুৰুত্বপূৰ্ণ এই প্ৰকল্পটোৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে৷ বিটিএডি, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও আদি জিলাৰ চাকৰীয়াল, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰীৰ বাবে অতিব প্ৰয়োজনীয় ৰেল পথটো গুৰুত্ব প্ৰদান নকৰাত ক্ষোক্ষিত হৈ পৰিছে ৰেলযাত্ৰী সন্থায়৷
এইবাৰ জাঙুৰ খাই উঠিছে ৰঙিয়াৰ বিভিন্ন দল-সংগঠন তথা ৰেল যাত্ৰী সন্থায়৷ আছু, যুৱ-ছাত্ৰ পৰিষদেও নিউ বঙাইগাঁৱৰ পৰা আগিয়াঠুৰীলৈ দ্বৈত ৰেল লাইনৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেল দলং নিৰ্মাণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই অহাৰ পিছটো বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহন নকৰাত ৰেলযাত্ৰী সন্থাই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে শুকুৰবাৰে৷ দাবী সমূহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ বাবে আন্দোলনৰ প্ৰথম কাৰ্যসূচী গ্ৰহণ কৰা বুলি কয় সন্থাই৷