ওদালগুৰিঃ অসমৰ কাৰ্গিল বিজয় নামৰ ক্ৰিকেট দল এটিয়ে মুম্বাই অভিমুখে যাত্ৰা কৰিব ৩১ মাৰ্চত। উদ্দেশ্যে এটাই মুম্বাইত অনুষ্ঠিত হ’বলগীয়া চুপাৰ টেনিচ ক্ৰিকেট প্ৰিমিয়াৰ লীগত অংশ কৰাৰ৷ ওদালগুৰিৰ পৰা যাত্ৰা কৰিবলগীয়া দলটোৱে অসমৰ হৈ অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত।
মুম্বাইৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অহা ৩-৭ এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যােৱা দলটোত অসমৰ বিভিন্ন প্ৰান্তৰ উদীয়মান খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।