54
ৰঙিয়াঃ সদৌ অসম গৰিয়া মৰিয়া যুৱ-ছাত্ৰ পৰিষদে দেওবাৰে ৰঙিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ লাঞ্চিত-বঞ্চিত গৰিয়া-মৰিয়া জনগোষ্ঠীৰ লোকসকলক চৰকাৰে সদায় উপেক্ষা কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
পূৰ্বৰ তৰুণ গগৈ চৰকাৰে গৰিয়া উন্নয়ন পৰিষদ গঠন কৰিছিল যদিও সোণোৱাল চৰকাৰে ধন আৱন্টন নিদিয়াত ক্ষোভিত হৈ শীঘ্ৰে গৰিয়া উন্নয়ন পৰিষদৰ বাবে আৰ্থিক পেকেজ ঘোষণা কৰাৰ দাবী জনাই ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে সংগঠনটোৱে৷