ডিজিটেল ডেস্কঃ ভাৰতীয় অভিনয় জগতক বিশেষ ভাৱে চহকী কৰি থৈ যোৱা অভিনেতা, ধাৰাভাষ্যকাৰ, মঞ্চ অভিনেতা ফাৰুখ শ্বেখক Google Doodle-এ তেওঁৰ ফটো ব্যৱহাৰ কৰি সন্মান প্ৰদান কৰে৷ ৭০ সংখ্যাক জন্মদিনত এই সন্মান Google Doodle-এ প্ৰদান কৰি অভিনেতাগৰাকীক স্মৰণ কৰে৷

দেওবাৰে পুৱাৰে পৰা Googleৰ আৰম্ভণি পেজত অভিনেতাগৰাকীৰ ফটো সংলগ্ন কৰে৷ ফাৰুখ শ্বেখ আছিল এগৰাকী অভিনেতাৰ লগতে সমাজসেৱক তথা ধাৰাবাহিক নিৰ্মাতা৷ শ্বেইখে ৭০-৮০ দশকৰ সময়ছোৱাত চিনেমা জগতত বলিষ্ঠ অভিনয়ৰ জৰিয়তে নিজৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছিল৷

শ্বেইখে সত্যজিত ৰায় তথা ঋষিকেশ মুখাৰ্জীৰ তত্বাৱধানত কাম কৰিছিল৷ ফাৰুক শ্বেখ বলিউড তথা টেলিভিছনৰ এনে এগৰাকী অভিনেতা আছিল যিয়ে কেতিয়াও বিতৰ্কৰ সৈতে জড়িত হৈ পৰা নাছিল৷   

জন্মঃ ফাৰুখে জন্ম গ্ৰহণ কৰিছিল গুজৰাটৰ আমৰিলৰ এটি মুছলমান পৰিয়ালত ১৯৪৮ চনৰ ২৫ মাৰ্চত৷ শ্বেখৰ পিতৃৰ নাম আছিল উকিল মুস্তাফা শ্বেখ আৰু মাতৃ ফৰিদা শ্বেখ৷ ফাৰুখে এক আঢ্যৱন্ত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল৷ কাৰণ তেওঁৰ জমিদাৰ পৰিয়ালৰ সন্তান আছিল৷ শ্বেখ পৰিয়ালটোৰ পাঁচটা সন্তানৰ ভিতৰত জ্যেষ্ঠ আছিল৷ 
 
শিক্ষাঃ ফাৰুখ শ্বেখে মুম্বাইৰ ছেণ্ট মেৰিজ স্কুল আৰু ছেণ্ট জেবিৰ্য়াছ কলেজত অধ্যয়ন কৰিছিল৷ শ্বেখে আইন বিষয়ত অধ্যয়ন কৰিছিল  
সিদ্ধাৰ্থ কলেজ অৱ ল-ত৷ 

মৃত্যুঃ ফাৰুখ শ্বেখে ২০১৩ চনৰ ২৭ ডিচেম্বৰত ডুবাইত অৱসৰ বিনোদনৰ বাবে যাওঁতেই মৃত্যুক আঁকোৱালি লয়৷