57
ৰঙিয়াঃ ৰঙিয়াত বন বিভাগৰ অভিযানত জালত পৰিল কাঠ ভৰ্তি ট্ৰাক৷ মঙলবাৰে পুৱতি নিশা ৰঙিয়া চহৰৰ সমীপৰ কেন্দুকোনাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং কাঠ সহ ট্ৰাক জব্দ কৰাৰ লগতে এজনক লোকক আটক কৰিবলৈ সক্ষম হয় বিনবিভাগে। আটকাধীন লোকজন ৰাজু নেৱাৰ বুলি জানিব পৰা গৈছে।
AS-01-CC-4531 নম্বৰৰ ট্ৰাকখনে মেঘালয়ৰ পৰা নলবাৰীলৈ কাঠ নি থকা অৱস্থাত ৰঙিয়াত বন বিভাগৰ জালত পৰে। জব্দকৃত চোৰাং কাঠখিনিৰ আনুমানিক মূল্য প্ৰায় পাঁচ লক্ষাধিক টকা।