গুৱাহাটীঃ সভ্য সমাজ আজি কোন দিশে ধাৱমান৷ সাহিত্য, সংস্কৃতি, পৰম্পৰা, গীত-মাত, নৃত্যৰে চহকী অসমীয়া সমাজ খনক বিশ্বৰ মানুহে জানে৷ কিন্তু জীৱ শ্ৰেষ্ঠ একাংশ মানুহৰ কৰ্মকাণ্ডই সকলো যেন ধ্বংস কৰিব ধৰিছে৷ নিতৌ নাৰী নিৰ্যাতন, যৌতুকজনিত ঘটনা, হত্যা, ধৰ্ষণৰ ঘটনাই কলংকিত কৰিছে সমাজ খনক৷

এতিয়া সমাজখনত আমাৰ মাতৃ, ভগ্নী সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হ’ব ধৰিছে৷ মুঠৰ ওপৰত এতিয়া নাৰী এতিয়া ক’তো সুৰক্ষিত নহয়৷ ঘৰৰ পৰা ওলালেই নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত সময় পাৰ কৰে৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক কিয়৷ নাৰী এতিয়া পদে পদে লাঞ্চিত হ’ব লগা হৈছে৷

যোৱা কেইবাটাও দিনত বৰ্বৰ, পাশৱিক হত্যাকাণ্ড সংঘটিত হৈ গৈছে অসমত৷ এনে ঘটনা সমূহে আমাৰ সমাজ খনক কঁপাই থৈ গৈছে। যি ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই সভ্য সমাজক লজ্জানত কৰিছে৷ শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাই পুনৰ সমগ্ৰ অসমীয়াক লজ্জানত কৰিছে।

মাতৃ, ভগ্নীসকলক সুৰক্ষা দিব নোৱাৰাত খোদ লজ্জানত হৈছে অসমীয়া সমাজ৷ স্কুলত সুৰক্ষিত নহয় মানৱ সম্পদ গঢ়াৰ মহিলা খনিকৰসকল৷ মহিলাক সুৰক্ষা, সন্মান দিবলৈ নিশিকা একাংশ লোকে পশু ৰূপ ধাৰণ কৰি কিশোৰী, মহিলাক যৌন নিৰ্যাতন-ধৰ্ষণ তথা হত্যা কৰি আহিছে৷

বৰ্তমান সময়ত যে ৰাজ্যখনত নাৰী একেবাৰে সুৰক্ষিত নহয়, যোৱা দিনবোৰত সংঘটিত জঘন্য কাণ্ডবোৰেই তাৰ প্ৰমাণ৷ ৰাজ্যখনৰ এতিয়া প্ৰতিগৰাকী নাৰী-কিশোৰী-জীয়ৰীয়েই নিৰাপত্তাহীনতাত ভুগি থাকিবলগীয়া হৈছে। 

এচাম দুষ্ট আৰু অসৎ মনোবৃত্তিৰ পুৰুষৰ পৰা বৰ্তমান সময়ত মহিলা-যুৱতী-কিশোৰীৰ কোনো নিৰাপত্তা নোহোৱা হৈছে। কিছুমান অসৎ প্ৰকৃতিৰ লম্পটৰ দ্বাৰা ধৰ্ষিতা হৈ নাৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই এইখন অসম মুলুকতে। 

এচাম নৰাধম, নৰপিশাচৰ ধৰ্ষণৰ বলি হৈ পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় ল’বলগীয়া হৈছে ফুলকুমলীয়া শিশুৱেও। এনেধৰণৰ নিদাৰুণ, হৃদয়বিদাৰক ঘটনাসমূহেই প্ৰমাণ কৰিছে যে দেশৰ আইন-কানুনেও বৰ্তমান নাৰী সমাজক সুৰক্ষা দিব পৰা নাই।

ৰাজ্যখনত যে মহিলা একেবাৰে অসুৰক্ষিত, তাৰ প্ৰমাণ চৰকাৰী তথ্যত  ওলাই পৰিছে৷ অসম বিধান সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দাখিল কৰে যৌন নিৰ্যাতনৰ ঘটনাই চকু কপালত তুলিছে৷

ৰাজ্যত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ৩০০৯টা ধৰ্ষণৰ গোচৰ আৰু ১৭১০৬টা নাৰী নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে।

২০১৬-১৭ বৰ্ষত ৰুজু হৈছে ১,৫৫২টা ধৰ্ষণৰ গোচৰ। আনহাতে ২০১৭ চনৰ জানুৱাৰীৰ পৰা ২০১৮ চনৰ জানুৱাৰীলৈকে ১৪৫৭ টা ধৰ্ষণৰ গোচৰ নথিভুক্ত হৈছে।

পৰিৱৰ্তনকামী চৰকাৰে দায়িত্বভাৰ লোৱাৰ পাচত অতিকমেও ৯ গৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰা হৈছে ।

গড়মুঠ ৩০০৯ টা ধৰ্ষণৰ গোচৰৰ বিপৰীতে মাত্ৰ ১,৭৮৬ জনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু মাত্ৰ ১,৬৯৭ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে৷ ইয়াৰে মাত্ৰ ৭৬ জনক শাস্তি বিহা হৈছে।

২০১৬-১৭ চনত ৮,৭৭১টা নাৰী নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে আৰু ২০১৭-২০১৮ চনৰ জানুৱাৰীলৈকে নাৰী নিৰ্যাতনৰ গোচৰ ৰজু হৈছে ৮,৩৩৫ টা ।

২০১৬-১৭ বৰ্ষত ৪,৭৯৪ গৰাকী মহিলা অপহৃত হৈছে হোৱাৰ লগতে ২০১৭-১৮ বৰ্ষৰ বৰ্তমানলৈকে ৪,৩১৪ গৰাকী মহিলা অপহৃত হৈছে৷ অৰ্থাৎ নতুন চৰকাৰে দায়িত্বভাৰ লোৱাৰ পাচত মুঠ ৯০০৮ গৰাকী মহিলা অপহৃত হৈছে ৰাজ্যত।

নেচনেল ক্ৰাইম ৰেকৰ্ড বুৰ'ৰ তথ্য অনুসৰি ২০১৬ চনত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান আছিল দ্বিতীয়।

নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰীয় গড় ৫৩.৬% ৰ বিপৰীতে অসমৰ গড়  হৈছে ১৩১.৩%৷