ডিজিটেল ডেস্কঃ গণ ধৰ্ষণে দেশ কঁপোৱাৰ সময়তে শুকুৰবাৰে গুৱাহাটীত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে৷ সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে শুকুৰবাৰে মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ 

গুৱাহাটী মহানগৰীৰ এবিচিস্থিত ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা-কৰ্মীয়ে হাতে হাতে মম জ্বলাই দেশত সংঘটিত হৈ অহা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিৰোধী কংগ্ৰেছে চৰকাৰক মহিলা-শিশুক সুৰক্ষা দিয়াত চৰকাৰ বিফল বুলি কয়৷ কাশ্মীৰৰ পৰা অসমলৈ বিভিন্ন ঠাইত সংঘটিত ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদ জনাই কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণ কৰাত মোডী চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে৷

উত্তৰ প্ৰদেশৰ উন্নাও আৰু জম্মু কাশ্মীৰৰ কাঠুৱাৰ কিশোৰী-শিশু ধৰ্ষণ-হত্যা কাণ্ডই দেশ উত্তাল কৰি ৰখাৰ সময়তে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে হাজাৰ হাজাৰ জনগণৰ সৈতে দিল্লীত নিশা ঘৰৰ পৰা ওলাই গৈ প্ৰতিবাদ সাব্যস্ত কৰে বৃহস্পতিবাৰে৷