সৰভোগঃ ৰাৱণ নাথ। কলাগুৰু বিষ্ণু ৰাভাৰ বন্ধু। মাত্ৰ অষ্টম শ্ৰেণীলৈ পঢ়া এইজন ব্যক্তিয়ে হ’ল কলকাতাৰ "His Master's Voice" কোম্পানীত গীত ৰেকৰ্ড কৰা প্ৰথম অসমীয়া। এইজন মহান শিল্পীয়ে ১৯৩৬ চনৰ ২৯ এপ্ৰিলত গান ৰেকৰ্ড কৰাৰ পূৰ্বেও ১৯২৮ আৰু ১৯৩২ চনত একে উদ্দেশ্য লৈ দুবাৰকৈ কলকাতালৈ গৈছিল যদিও সফল নহ’ল।
তেওঁৰ সৰ্বমূঠ ৩৬খন ৰেকৰ্ডৰ ২খন বাদে ৩৪খনেই স্বৰচিত। শিল্পীগৰাকীয়ে জ্যোতিপ্রসাদৰ জয়মতী বোলছবিত অভিনয় কৰিবলৈ যাওঁতে অসুস্থ হৈ ঘৰলৈ উভতি আহে। জয়মতী মুক্তি পোৱাৰ কেইমাহমান আগতে ১৮৫৮ শকৰ জেঠ মাহৰ আৱাহনত ৰাৱণ নাথৰ 'হাস্যৰসত অসমীয়া ডেকা শিল্পী' শিৰোনামাৰে হাস্য-ব্যংগৰ ১০খন ফটো ওলাইছিল। ফটো দেখি জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল- আমাৰ চিনেমাই মুক্তি লাভ কৰাৰ আগতেই ৰাৱণ নাথৰ চিনেমা নিৰ্মাণ হ’ল।
'বুঢ়া-বুঢ়ীৰ জমা-খৰছ' ৰেকৰ্ড কৰাৰ সময় ১৯৪২ চন৷ উক্ত ৰেকৰ্ড শুনি বিদ্ৰোহী কবি কাজী নজৰুল ইছলামে প্ৰফেছৰ ৰাৱণ নাথক প্ৰশংসা কৰি কৈছিল- ''ভাৰতৰ ১০জন নেতা স্বাধীনতাৰ জন্য যা কৰতে পাৰলেন না তাহা ৰাৱন নাথ এই ৰেকৰ্ড খানা কৰিয়া দেখায়া দিলেন।''
পণ্ডিত জৱাহৰলাল নেহেৰুৱে 'আজাদ' কথাছবি চাবলৈ কলকাতালৈ আহিছল৷ সেই সময়তে শিল্পীজনৰ দুখন ৰেকৰ্ড শুনি নেহেৰুৱে কৈছিল- ''হাম সোছতে হেই গণতন্ত্ৰ ৱ ধনতন্ত্ৰ কে বাৰে মে, আউৰ আপ সোচতে হ্যেয় গৃহস্থী তন্ত্ৰ ধনতন্ত্ৰ কে বাৰে মে।''
১৯৮০ চনৰ ১৫ আগষ্টত তেওঁ লাভ কৰে শিল্পী পেন্সন। ১৯৮৩ চনৰ ১৭ ছেপ্টেম্বৰত মৃত্যু হয় এইছ এম ভি কোম্পানীত গীত ৰেকৰ্ড কৰা প্ৰথমগৰাকী অসমীয়া শিল্পীৰ। চৰকাৰ আহিল, চৰকাৰ গ'ল। কিন্তু আজিলৈকে এবাৰলৈও মনত পেলোৱা নহ'ল শিল্পীগৰাকীক। তেওঁৰ পৱিত্ৰ স্মৃতিত বঁটাৰ ব্যৱস্থা কৰাতো দূৰৈৰে কথা, সৃষ্টিৰাজিও সংৰক্ষণৰ বাবেও কোনেও গ্ৰহণ কৰা নাই উদ্যোগ।
উল্লেখ্য যে তেওঁৰ প্ৰকৃত নামটো আছিল বিনোদানন্দ নাথ। ১৯০৯ চনৰ ৩ জানুৱাৰীত বৰনগৰৰ সৰভোগ চহৰত অৱস্থিত চকাবাউসী গাঁৱত জন্মগ্ৰহণ কৰা এই বিনোদানন্দই পিছলৈ ৰাৱণ নাথ উপ-নামেৰে জনাজাত হৈ পৰে।
এইছ এম ভি কোম্পানীত গীত ৰেকৰ্ড কৰা প্ৰথমজন অসমীয়া শিল্পীক এইবাৰ অাগন্তুক মৃত্যু দিৱসত ৰাজ্য চৰকাৰৰ লগতে অসমৰ সাংস্কৃতিক মহলে স্মৰণ কৰি তেওঁৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাৰে বাট চাই ৰৈছে সৰভোগবাসীয়ে।