গুৱাহাটীঃ বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈক আজি প্ৰদান কৰা হয় ২০১৭ বৰ্ষৰ স্বৰ্গীয় ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী সাংবাদিকতা বঁটা। গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত সাংবাদিকগৰাকীক আনুষ্ঠানিকভাৱে উক্ত বঁটা প্ৰদান কৰে ড০ অমৰজ্যোতি চৌধুৰীয়ে।
নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফ’ৰামৰ উদ্যোগত আৰু নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হস্পিটাতালৰ সহযোগত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, অঞ্জনজ্যোতি চৌধুৰীকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সভাপতিত্ব কৰে ভৈৰৱ শৰ্মাই।