খেৰণিঃ কাৰ্বি ছাত্ৰ সন্থা আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাংৰ বাকযুদ্ধই বিশেষ চৰ্চা লাভ কৰিছে কাৰ্বি আংলং জিলাত। পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত অনুষ্ঠিত হৈ যোৱা কাৰ্বি ছাত্ৰ সন্থাৰ এখন সভাত ছাত্ৰ নেতা চেমচন টেৰণে বিজেপি নেতা, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক বন গাহৰিৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপন কৰে কাৰ্বি আংলং বিজেপিয়ে৷
যাৰ ফলত কাৰ্বি ছাত্ৰ সন্থা আৰু বিজেপিৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে৷ ছাত্ৰ নেতা চেমচন টেৰণে হাৱাইপুৰত অনুষ্ঠিত হৈ যোৱা ছাত্ৰ সংগঠনটোৰে সভাত স্বায়ত্ত শাসিত পৰিষদৰ ব্যৰ্থতা উদঙাই ভাষণ প্ৰদান কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম আৰু তেওঁৰ নেতৃত্বৰ চৰকাৰখনক বন গাহৰিৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপন কৰে কাৰ্বি আংলং বিজেপিয়ে।