গুৱাহাটীঃ হস্ততাঁত, বস্ত্ৰ শিল্প উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ডিজাইনাৰ সংযুক্তা দত্তলৈ আগবঢ়োৱা হৈছে ২০১৮ বৰ্ষৰ দাদা চাহেব ফাল্কে এক্সেলেঞ্চ এৱাৰ্ড। ডিজাইনাৰ শাখাত এই সন্মান লাভ কৰা সংযুক্তা দত্তক ২১ এপ্ৰিলত মুম্বাইৰ ছেইণ্ট এণ্ড্ৰিউজ প্ৰেক্ষাগৃহত এই বঁটা প্ৰদান কৰা হ’ব।
অসমৰ বস্ত্ৰশিল্প আৰু হস্ততাঁতক সুকীয়া মেধাৰে অনন্য মাত্ৰা প্ৰদান কৰা সংযুক্তাই ২০১২ চনতেই বাচি লৈছিল এই বাট। ২০১২ চনৰ জানুৱাৰী মাহত গড়কাপ্তানী বিভাগৰ অভিযন্তাৰ চাকৰি এৰি অসমৰ হস্ততাঁতক পুনৰোদ্ধাৰ কৰাৰ যাত্ৰাত ব্ৰতী সংযুক্তাই সম্প্ৰতি এশটাৰো অধিক পৰিয়ালক তাঁতশালৰ জৰিয়তে স্বাৱলম্বী কৰি তুলিছে। নিজৰ সাধনাৰ স্বীকৃতিস্বৰূপ এই বঁটা লাভ কৰা সংযুক্তাই এই সন্মানৰ বাবে সকলোকে ধন্যবাদ যাঁচে।