মোৰাঝাৰঃ ইতিহাস সম্বলিত গ্ৰন্থ, কবিতা, গল্প, সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কুইজ, অনুবাদমূলক সাহিত্য, গাইড বুক, কেৰিয়াৰ বুক আদি আপোনাৰ ঘৰত এনেই পৰি নষ্ট হ’ব ধৰিছে নেকি৷ যদি নেষ্ট হ’ব ধৰিছে চা’ছৰ সৈতে যোগােযোগ কৰক৷ চা’ছে আপোনাৰ পৰা গ্ৰন্থ সমূহ সংগ্ৰহ কৰিব৷ জ্ঞানৰ ভাণ্ডাৰ সমূহ সংৰক্ষণ কৰিব চা’ছে৷ যাৰ পৰা নতুন প্ৰজন্মই জ্ঞান আহৰণ কৰিব পাৰিব৷ কাৰোবাৰ জীৱনৰ বাবে গ্ৰন্থ বোৰ হৈ পৰিব অমূল্য সম্পদ৷
নৱ প্ৰজন্মক শিক্ষাৰ প্ৰতি ধাউতি বঢ়াবলৈ হোজাই জিলাৰ স্কলাৰছ একাডেমিক এণ্ড চাইণ্টিফিক চছাইটি চমুকৈ চা’ছে হোজাইত পুথিভঁৰাল গঢ় দি গ্ৰন্থ পঢ়াৰ বিপ্লৱ আৰম্ভ কৰিছে৷ হোজাই জিলাৰ বিভিন্ন প্ৰান্তত আৰু ৰাজ্যৰ আন আন প্ৰান্ততো পুথিভঁৰাল গঢ়াৰ চিন্তা চৰ্চা কৰিছে৷ ইতিমধ্যে হোজাই জিলাত গ্ৰন্থৰ বিপ্লৱ গঢ়ি তুলিছে চা’ছে৷