newsnextone.com | গুৱাহাটীঃ ২ মাহ ৫ দিন ধৰি ৰাজ্যৰ বিয়াগোম গৃহ বিভাগে এগৰাকী লোকৰ শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৰ্ধসামৰিক, আৰক্ষীয়ে গিজগিজাই থকা ৰাজ্যৰ ৰাজধানী মহানগৰীৰ পৰা ৰাজ্য খনৰ এগৰাকী জ্যেষ্ঠ নাগৰিক নিৰুদ্দেশ হৈ থকাৰ ঘটনাই ৰাজ্যৰ দল-সংগঠনক ক্ষোভিত কৰি তুলিছে৷ পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকন নিৰুদ্দেশ হৈ থকাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰশাসনৰ ভূমিকাত সন্দিহান হৈ পৰিছে ৰাজ্যবাসী৷

আলফা চৰকাৰৰ শান্তি আলোচনাৰ অন্যতম হোতা তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলত গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে৷ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্য কালৰ ঘনিষ্ঠ বন্ধু আছিল ৰেৱতী ফুকন৷ ৰাজ্যৰ দল-সংগঠনে শীঘ্ৰে ৰেৱতী ফুকনক বিচাৰি উলিয়াবলৈ দাবী জনাই আহিছে যদিও যোৱা ২ মাহ ধৰি এতিয়ালৈ কোনো শুংসুত্ৰ নাই ৰেৱতী ফুকনৰ৷ 

ৰাজ্য চৰকাৰক গৃহ বিভাগক ব্যৰ্থ আখ্যা দি মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ লগতে বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাৰল প্ৰতিকৃতি পৰ্যন্ত দাহ কৰি ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো আজিলৈ চৰাকৰে ৰাজহুৱা কৰিব নোৱাৰিলে ক’ত আছে ৰেৱতী ফুকন৷ কেইবাটাও মটক জনগোষ্ঠীৰ সংগঠনে চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি চৰকাৰৰ নিৰুদ্দেশৰ ঘটনাক গুৰুত্ব সহকাৰে নোলোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছে৷ 

আনহাতে ৰাইজে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰশ্ন উত্থাপন কৰি আহিছে৷ ৰাজ্যত সঁচাকৈ মানুহৰ নিৰাপত্তা নোহোৱা হৈছে নেকি? মানুহ ঘৰৰ পৰা ওলাই গৈ উভতি অহাৰ নিশ্চয়তা নোহোৱা হৈছে নেকি৷ ৰাজ্যৰ জকাইচুকৰ বাসিন্দা সকলে নিৰাপত্তাৰ কথা কোনে ভাবিব৷ জকাইচুকৰ জনগণক পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকৰ পৰা কোনো সুৰক্ষিত কৰিব৷ বানপানী আহিলে অসমীয়াক কোনে সুৰক্ষিত কৰিব কোনে৷ 

উগ্ৰপন্থীৰ ধনদাবী-আক্ৰমণৰ পৰা গাঁৱৰ লোকক কোনে সুৰক্ষা দিব৷ কিয়নো গাঁও খনৰ পৰা আৰক্ষী থানা খন থাকে প্ৰায় ১৫-২০ কিঃ মিঃ নিলগত৷ এক কথাত কবলৈ গলে যোৱা প্ৰায় ৪টা দশক অসমৰ ৰাইজে মৰণক শৰণ কৰি জীয়াই আছে৷ নিতৌ হাতীৰ আক্ৰমণ, উগ্ৰপন্থীৰ আক্ৰমণ, অপহৰণ, বানপানী আদিত শ-শ লোকে মৃত্যুক আকোৱালি লৈছে৷ 

কোৱা বাহুল্য জকাইচুকত নহয় খোদ গুৱাহাটী মহানগৰীতে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নােহোৱা হোৱাৰ বিষয়টোৱে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ ৰাজ্যখনৰ ৰাজধানী মহানগৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, মন্ত্ৰী-বিধায়ক, বিয়াগোমা আমোলাসকলে বসবাস কৰে৷ যাৰ ফলত ২৪ ঘণ্টাই অৰ্ধসামৰিক বাহিনী, আৰক্ষীৰ কেইবাটাও বিভাগ সক্ৰিয় হৈ থাকে৷ কিন্তু এই খন মহানগৰীতে যোৱা ২ মাহ দিনে এগৰাকী লোক নিৰুদ্দেশ হৈ থকাৰ পিছতো কোনো ধৰণৰ তথ্য নাই অসম আৰক্ষী তথা গৃহ বিভাগৰ হাতত৷ 

গাঁৱৰ ৰমেন, নিৰেন, আব্দুল হতৰ বেলেগ কথা ৰাজ্য খনৰ আগশাৰীৰ নাগৰিকৰ যোৱা ২২ এপ্ৰিলৰ পৰা কোনো ধৰণৰ শুংসুত্ৰ নাই৷ সাধাৰণ ঠেলাৱালা, ৰিক্সাৱালা, শ্ৰমিক-মজদুৰৰ সুৰক্ষাৰ কি অৱস্থা হ’ব পাৰে মহানগৰীত এবাৰ ভাবিলে বুকু কঁপি উঠিব৷   

পিচিজিৰ অন্যতম সদস্য ৰাজ্যৰ অন্যতম ফুটবল খেলুৱৈ ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলৰ পুৱাই প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয়৷ পুত্ৰ কৌশিক ফুকনে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এতিয়া ফুকনৰ পৰিয়ালে চিন্তাত দিন পাৰ কৰিছে৷ ৰেৱতী ফুকন ৰাষ্ট্ৰ ষড়ন্ত্ৰৰ বলি হোৱাৰ থল আছে৷ পৰেশ বৰুৱাক ভাৰত চৰকাৰৰ সৈতে বহুৱাই বিদ্ৰোহীৰ সমস্যা সমাধান কৰিব বিচাৰিছিল ৰেৱতী ফুকনে৷ হয়তো কোনো প্ৰভাৱশালী চৰকাৰী পক্ষই বিচৰা নাই উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহীৰ সমস্যা সমাধান হওক৷ যাৰ বাবেই হয়তো ৰেৱতী ফুকনক আৱদ্ধ কৰি ৰাখিছে৷

এগৰাকী জ্যেষ্ঠ নাগৰিক নিৰুদ্দেশ হোৱাৰ পিছতো অসম চৰকাৰ তথা প্ৰশাসনে ৰেৱতী ফুকনৰ সন্ধান উলিয়াবলৈ সক্ষম নহোৱাত প্ৰশাসনৰ তদন্তৰ প্ৰতি আস্থা হেৰুৱাই ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকন উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয়৷ উচ্চতম ন্যায়ালয়ত আবেদন জনাই কৌশিক ফুকনে পিতৃৰ নিৰুদ্দেশ কাণ্ডৰ তদন্তত আদালতৰ সহায় বিচাৰে৷

ইফালে পুত্ৰ কৌশিক ফুকনৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ৰেৱতী ফুকনৰ সন্ধানহীন ঘটনাৰ শুনানি গ্ৰহণ কৰে৷ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে শুনানিৰ অন্তত ১৪ দিনৰ ভিতৰত নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ স্থিতি জনাবলৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰে৷ 

উল্লেখ্য যে, ৰেৱতী ফুকনে যোৱা ২২ এপ্ৰিলৰ পুৱাই প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয়৷ পুত্ৰ কৌশিক ফুকনে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এই খবৰ লাভ কৰাৰ পিছতে পৰিয়াল যথেষ্ট চিন্তিত হৈ পৰিছে৷ ৰেৱতী ফুকনৰ বৰ্তমানলৈ কোনো শুংসূত্ৰ উদ্ধাৰ হোৱা নাই৷

ৰেৱতী ফুকনৰ পুত্ৰ কৌশিকে জনোৱা মতে বিগত দুদিন ধৰি পিতৃৰ মোবাইল বন্ধ হৈ আছিল৷ হঠাৎ যোগসূত্ৰ নোহোৱা হৈ পৰাত তিনিচুকীয়া আৰু মুম্বাইত থকা পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে। তিনিচুকীয়াৰ পৰা ২৪ এপ্ৰিলৰ পুৱাই গুৱাহাটীৰ জোৰোডস্থিত গৃহত উপস্থিত হৈ পুত্ৰ কৌশিকে পিতৃক ঘৰত বিচাৰি নাপাই বিবুদ্বিত পৰে৷