মুম্বাইঃ শচীনক পিছত এৰি আহিছে বলিউডৰ এসময়ৰ মোহময়ী অভিনেত্ৰী ৰেখাই৷ মাষ্টাৰ ব্লাষ্টাৰ্চকো পিছ পেলাই প্ৰথম স্থান দখল কৰিছে ৰেখাই৷ অৱেশ্যে এই তালিকাখন কোনো আন্তঃৰাষ্ট্ৰীয় খিতাপৰ নহয়, ৰাজ্যসভাৰ অনুপস্থিতিৰ ফালৰপৰাহে এই স্থান লাভ এই দুই তাৰকাৰ৷

ৰাজ্যসভাৰ ৱেৱচাইটত প্ৰকাশ পাইছে এই তথ্য৷ ৩১ মাৰ্চলৈ কেৱল ৰেখাৰ ৰাজ্যসভাত উপস্থিতিৰ হাৰ ৫.১৭%।  আনহাতে শচীনৰ উপস্থিতিৰ হাৰ ৬.৬১৷ শচীনে ৩৪৮ দিনৰ কেৱল ২৩ দিনে উপস্থিত আছে ৰাজ্যসভাত৷ শচীনে ২২ টা প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যসভাত৷ আনহাতে ৰেখাই কেৱল ১৮ দিনহে উপস্থিত আছে ৰাজ্যসভাত।