প্ৰতিকী ফটো (সংগৃহীত)
প্ৰতিকী ফটো (সংগৃহীত)

ডিজিটেল ডেস্কঃ চলিত মাহতে ৰিলায়েঞ্চ জিঅই অতি কম দামৰ ৪জি ভল্টি ফোন মুকলি কৰিব পাৰে। ইকনমিক টাইমচত প্ৰকাশিত এক প্ৰতিবেদন মতে এইচএছবিচি বেংকৰ সহযোগত মুকলি হ’ব লগা এই ফোনটোৱে স্মাৰ্টফোনৰ বজাৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব।

জিঅ’ই ১১ এপ্ৰিলত মুকলি কৰা 'ধন ধনা ধন’ অফাৰৰ ম্যাদ উকলাৰ উপক্ৰম হোৱাৰ সময়তে এই নতুন অফাৰে বজাৰত খলকনি সৃষ্টি কৰিব পাৰে। ২১ জুলাইত মুকলি হ’ব পাৰে এইছএছবিচিৰ সাহায্যপ্ৰাপ্ত এই ফোনটো।

মূলতঃ ২জি গ্ৰাহকক ৫০০ টকাতে ৪জি ফোন দি ৪জি গ্ৰাহকলৈ ৰূপান্তৰ কৰাৰ বাবে এই পৰিকল্পনাৰ ইংগিত দিছে এইছএছবিচিৰ সঞ্চালক তথা টেলিকম বিশেষজ্ঞ ৰাজীব শৰ্মাই। এই ভল্টি ফোনটোৰ সৈতে অবিশ্বাস্য জিঅ ৪জি অফাৰো দিয়া হ’ব পাৰে।

আৰম্ভণিতে দ্ৰুত গতিত গ্ৰাহকভূক্তি কৰাবলৈ সক্ষম হোৱা জিঅ'ৰ নতুন গ্ৰাহকভূক্তিৰ সংখ্যা লেহেমীয়া হৈ পৰিছিল। মূলতঃ বজাৰত কম মূল্যত ৪জি ফোন উপলব্ধ নথকাৰ বাবেই এনে হোৱা বুলি অনুমান কৰি উক্ত পৰিকল্পনাৰ গুণা-গঁথা চলিছে।

২১ জুলাইত হ’বলগা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ বাৰ্ষিক বৈঠকত এই পৰিকল্পনা ঘোষণা কৰা হ’ব পাৰে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ১৮-২০ মিলিয়ন ৪জি ফোন আমদানি কৰোৱা বুলি ইকনমিক টাইমচত প্ৰকাশিত হৈছে আৰু আগষ্ট মাহৰ ভিতৰত সেয়া দেশত উপলব্ধ হ’ব বুলি অনুমান কৰা হৈছে।   

বাতৰিৰ উৎসঃ ইকনমিকছ টাইমছ