গুৱাহাটীঃ দৰদী কণ্ঠ শিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন উপলক্ষে অলপতে সামাজিক-সাংস্কৃতিক অনুষ্ঠান স্বৰাঞ্জলিৰ উদ্যোগত ‘ৰাইজক সাৱটিম কণ্ঠৰ সুৰেৰে’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত মহানগৰীৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে কণ্ঠ শিল্পী-গীতিকাৰ কুল বৰুৱাই।
ইয়াৰ পাছতে জয়ন্ত হাজৰিকাৰ গীতৰ এলানি প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম স্থান লাভ কৰে কৃষ্টি তালুকদাৰে, দ্বিতীয় স্থান চেইফ চেলিম আৰু তৃতীয়স্থান লাভ কৰে বিপাশা কলিতাই। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মনীষা হাজৰিকাই। ইয়াৰ পিছতে জেপি দাসৰ সুৰ পৰিচালনাৰে আৰু কল্পনা ভূঞাৰ কথাৰে স্বৰাঞ্জলিৰ সংগীবৃন্দই সমবেত সংগীত পৰিৱেশন কৰে।