newsnextone.com | গুৱাহাটীঃ উত্তৰ কাছাৰৰ হাজাৰ কোটিৰ কেলেংকাৰীত জড়িত এটা নাম ৰেজাউল হুছেইন খান৷ উত্তৰ কাছাৰৰ সমাজ কল্যান বিভাগৰ উপ-স্চালক পদত অধিষ্ঠিত ৰেজাউল হুছেইন খানক শেহতীয়াকৈ পদৰ পৰা বৰ্খাস্ত কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে৷
সন্ত্ৰাসবাদৰ সৈতে জড়িত হৈ মৰণাস্ত্ৰ সৰবৰাহ আৰু সমাজ কল্যান বিভাগৰ নামত আৱন্টিত এহেজাৰ কোটি টকা হৰলুকি কৰিছিল আৰ এইচ খান আৰু আন কেইবাগৰাকীও বিষয়া কৰ্মচাৰীয়ে৷ পিছত ২০১৭ চনত তদন্তকাৰী দল এন আই এ দলে এই কেলেংকাৰী পোহৰলৈ আনে।