কলিয়াবৰঃ চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিবলৈ লাভ কৰিছে কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী। শনিবাৰে নিশা ডবকা আৰক্ষী থানাৰ অন্তৰ্গত নীলবাগানত অভিযান চলাই খড়্গ ব্যৱসায়ৰ সৈতে জড়িত ডন ৰহিমুদ্দিন নামৰ এজন লোকক আটক কৰিবলৈ সমৰ্থ হয় জখলাবন্ধা আৰক্ষী।
আটকাধীন ৰহিমুদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে জুৰীয়া থানাৰ অন্তৰ্গত কালিয়াডিঙ্গাৰ পৰা ইমান আলি আৰু দৰং জিলাৰ দলগাঁও ৰঙাগড়াৰ পৰা আব্দুল ৰচিদ নামৰ আন দুজন চোৰাং খড়্গ ব্যৱসায়ীক আটক কৰিছে।