লালুকঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ জাপজুপত এটা ৰাজহুৱা পুখুৰীক লৈ সৃষ্টি হোৱা বিৰ্তকই জটিল ৰূপ ধাৰণ কৰে ৷ জাপজুপ সমবায় মীন পালন সমিতি আৰু ১-২নং জাপজুপ গাঁৱৰ মাজত সৃষ্টি হোৱা এই বিৰ্তকৰ ফলতেই আজি ৰাজহুৱা পুখুৰীটোৰ পাৰত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷
সমবায় সমিতিখনৰ অধীনস্থ ৰাজহুৱা পদুম পুখুৰীটোত সমিতিয়ে মাছ ধৰিবলৈ আহোতেই উক্ত গাঁও দুখনৰ প্ৰায় ৫ শতাধিক লোকে এক প্ৰতিবাদী সাব্যস্ত কৰে ৷ প্ৰতিবাদী ৰাইজে ঐতিহ্য বহন কৰা জাপজুপৰ পদুম পুখুৰীটো সম্প্ৰতি জৈৱ-বৈচিত্ৰৰ প্ৰতি লক্ষ্য ৰাখি পৰিচালনাৰ দায়িত্ব পোৱা সমিতি খনৰ পৰা মুক্ত হ’ব লাগে ৷