কাজিৰঙাঃ অসমৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত৷ এশিঙীয়া গঁড়ৰ লগত জড়িত হৈ আছে অসমীয়াৰ চেতনা, জাতিৰ স্বাভিমান ৷ অসমীয়াৰ এই আবেগ, অনুভূতিক কোনো এখন চৰকাৰে গুৰুত্ব দিয়া দেখা নাযায়৷ যাৰ বাবে ৰাজ্যত ইটোৰ পিছত সিটো গঁড় হত্যাৰ ঘটনাই চিন্তাত পেলাইছে ৰাজ্যবাসীক৷ প্ৰতিটো গঁড় হত্যাৰ ঘটনাই মৰ্মাহত কৰে অসমবাসীক৷
এশিঙীয়া গঁড় ৰক্ষাৰ বাবে বছৰ বছৰ ধৰি প্ৰতিবাদ জনাই আহিছে প্ৰতিখন চৰকাৰক৷ কিন্তু কেতিয়াও কোনো এখন চৰকাৰে ৰাইজৰ আবেগ অনুভূতিক গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত অসংখ্য গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল৷ ব্যাপক হাৰত হোৱা এই গঁড় হত্যাৰ ঘটনাকে বিজেপি মিত্ৰজোঁটে নিৰ্বাচনত গঁড় হত্যাকে প্ৰধান ইছ্যু হিচাপে লৈ অৱতীৰ্ণ হৈছিল৷