78
বাঘবৰঃ বৰপেটা জিলাৰ বাঘবৰত মানুহৰ ঘৰৰ উপৰিও হাবিৰ মাজতো চাউল উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে উচিত ব্যবস্থা লোৱাৰ প্ৰতিশ্ৰতি দি দিছপুৰৰ মচনদ দখল কৰা বিজেপি চৰকাৰৰ দিনত সংঘটিত এনে ঘটনাই অঞ্চলবাসীক হতভম্ব কৰি তুলিছে।
প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ বিভিন্ন ঠাইত বস্তাই বস্তাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চাউল উদ্ধাৰ হোৱাৰ পাছতো অসামৰিক যোগান বিভাগে সঠিক তদন্ত নকৰাৰ অভিযোগ উঠিছে৷