গুৱাহাটীঃ সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা নকৰাক লৈ এইবাৰ মুখ খুলিছে কংগ্ৰেছেও। ৰাজ্য চৰকাৰৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ নকৰাক লৈ বিপিএফ-বিজেপি-অগপৰ কেইবাধনো বিধায়কে অসন্তুস্তি প্ৰকাশ কৰিছে। ইফালে বিজেপি চকাৰৰৰ লবীকেন্দ্ৰিক মনোভাৱৰ দ্বাৰাহে মন্ত্ৰীত্ব প্ৰদান কৰা হৈছে বুলি বুলিও কেইবাগৰাকীও বিধায়কে অভিযোগ উত্থাপন কৰিছে। 

বিজেপি-বিপিএফ-অগপৰ ভিতৰ চৰাত মন্ত্ৰীত্বক লৈ মতবিৰোধ আৰু অসন্তুস্তি চলি থকাৰ সময়তে এইবাৰ বিজেপিৰ ‘সব কা সাথ, সবকা বিকাশ’ নীতি অসাৰ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। শুকুৰবাৰে ৰিপুণ বৰাই কয় বিজেপিয়ে যোগ্যতা চাই মন্ত্ৰীত্ব প্ৰদান কৰা নাই। 

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই শুকুৰবাৰে মন্ত্ৰীসভা সম্প্ৰসাৰণত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিজেপিয়ে বাৰে বাৰে কোৱা 'সব কা সাথ, সবকা বিকাশ’ শ্ল’গান এতিয়া কামত নহা শ্ল’গান৷ মন্ত্ৰীসভাত চাহ জনগোষ্ঠী, সংখ্যালঘু, গোৰ্খা, তিৱা আদিৰ জনগোষ্ঠীৰ প্ৰতিনিধিয়ে স্থান নোপোৱাটোৱে প্ৰামাণ কৰে যে বিজেপিয়ে এইসকল জনগোষ্ঠীৰ বিকাশ বিচৰা নাই৷ বিজেপিয়ে ৰাইজৰ প্ৰয়োজন মতে নহয়, দলৰ প্ৰয়োজন মতেহে মন্ত্ৰীত্ব প্ৰদান কৰিছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে৷