গুৱাহাটীঃ সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা নকৰাক লৈ এইবাৰ মুখ খুলিছে কংগ্ৰেছেও। ৰাজ্য চৰকাৰৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ নকৰাক লৈ বিপিএফ-বিজেপি-অগপৰ কেইবাধনো বিধায়কে অসন্তুস্তি প্ৰকাশ কৰিছে। ইফালে বিজেপি চকাৰৰৰ লবীকেন্দ্ৰিক মনোভাৱৰ দ্বাৰাহে মন্ত্ৰীত্ব প্ৰদান কৰা হৈছে বুলি বুলিও কেইবাগৰাকীও বিধায়কে অভিযোগ উত্থাপন কৰিছে।
বিজেপি-বিপিএফ-অগপৰ ভিতৰ চৰাত মন্ত্ৰীত্বক লৈ মতবিৰোধ আৰু অসন্তুস্তি চলি থকাৰ সময়তে এইবাৰ বিজেপিৰ ‘সব কা সাথ, সবকা বিকাশ’ নীতি অসাৰ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। শুকুৰবাৰে ৰিপুণ বৰাই কয় বিজেপিয়ে যোগ্যতা চাই মন্ত্ৰীত্ব প্ৰদান কৰা নাই।