মুম্বাইঃ ইৰফান খানৰ পিছত বৃহস্পতিবাৰে ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ কিম্বদন্তি অভিনেতা ঋষি কাপুৰে। মুখত সদায় পৰিচিত হাঁহি এটি লৈ ফুৰা অভিনেতাগৰাকী ছ’চিয়েল মিডিয়াত যথেষ্ট সৰৱ আছিল। ৰাজনৈতিক বিষয়ৰ পৰা আৰম্ভ কৰি একাধিক বিষয়ত তেওঁ নিজৰ মতামত ব্যক্ত কৰিছিল। আনকি বিতৰ্কিত বিষয়সমূহতো নিজৰ মন্তব্য নিৰ্ভীকভাৱে প্ৰকাশ কৰিছিল অভিনেতাজনে।
সকলো সময়তে মানুহৰ সৈতে সংযুক্ত হৈ থাকি ভালপোৱা অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে অন্তিমবাৰৰ বাবে অনুৰাগীসকলক নিজৰ মনোভাৱ ব্যক্ত কৰিছিল যোৱা ২ এপ্ৰিলত। ইয়াৰ পিছতে ক্ৰমাৎ অসুস্থ হৈ পৰিছিল অভিনেতাজন। ২ এপ্ৰিলত টুইটাৰযোগে কৰা জীৱনৰ অন্তিমটো টুইটতো পৰিস্ফুট হৈ পৰিছে সমাজৰ প্ৰতি থকা তেওঁৰ গভীৰ দায়িত্ববোধ।
কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতে আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে সাম্প্ৰদায়িক বিষবাষ্পকো প্ৰকট কৰি তোলা প্ৰত্যক্ষ কৰি মুঠেই সহ্য কৰিব পৰা নাছিল ঋষি কাপুৰে। সেয়ে ৰুগীয়া দেহেৰেই দেশবাসীক বিশেষ আহ্বান জনাই তেওঁ বিষয়টোক লৈ টুইট কৰিছিল।
'সকলো ধৰ্মৰ আৰু বিশ্বাসৰ সৈতে জড়িত ভাই-ভনীসকলক হাতযোৰ কৰি অনুৰোধ জনাইছো। দয়া কৰি হিংসা, শিল দলিওৱা আৰু গণপ্ৰহাৰৰ পৰা আঁতৰি থাকক। চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলে নিজৰ জীৱন তুচ্ছ কৰি আপোনালোকক বচাবলৈ চেষ্টা চলাইছে। গতিকে আমি সকলোৱে একত্ৰিত হৈ কৰ’না ভাইৰাছক পৰাভূত কৰিব লাগিব। জয় হিন্দ।’-এইদৰে এটি অতি প্ৰাসংগিক পোষ্টেৰে দেশবাসীক কৰ’নাক লৈ সতৰ্ক কৰি দিছিল ঋষি কাপুৰে।
ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যৰ আৰু অধিক অৱনতি ঘটিছিল। ফলত আজি শেষ নিশ্বাস ত্যাগ কৰাৰ লগে লগে ২ এপ্ৰিলত দেশবাসীক আহ্বান জনাই কৰা উক্ত টুইটটোৱেই হৈ পৰে অভিনেতাগৰাকীৰ জীৱনৰ শেষৰটো টুইট। ইফালে, তেওঁৰ মৃত্যুৰ পিছত অনুৰাগীসকলক চকুপানীৰ পৰিৱৰ্তে হাঁহিমুখেৰেই বিদায় জনাবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকসকলে।
'যোৱা ২ বছৰ চিকিৎসাধীন হৈ থকাৰ পিছতো সকলো সময়তে হাঁহি হাঁহি কটাইছিল, জীৱনক প্ৰাণ ভৰি উপভোগ কৰিছিল তেওঁ। পৰিয়াল, বন্ধু, খোৱা-লোৱা সেয়াই আছিল তেওঁৰ জীৱনৰ ফ’কাছ। ৰোগে তেওঁক মুঠেই আতংকিত কৰি তুলিব পৰা নাছিল। অনুৰাগীসকলক সদায় সন্মান কৰিছিল আৰু হাঁহিমুখে থকাতো বিচাৰিছিল তেওঁ। সেয়ে মৃত্যুৰ পিছত চকুলোৰে নহয়, হাঁহি মুখেৰেই তেওঁক বিদায় জনাওক।’-আপোনজনৰ মৃত্যুত শোকত দগ্ধ হৈ পৰিলেও সমগ্ৰ দেশবাসীক কৰ’না সংকটৰ সময়ত আইন-কানুন মানি চলিবলৈ আহ্বান জনাই এইদৰে অনুৰাগীসকললৈ বাৰ্তা প্ৰেৰণ কৰিছে অভিনেতাজনৰ পৰিয়ালে।