Printer-friendly version

গুৱাহাটীঃ ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া আই পি এল খেলৰ বাবে গুৱাহাটীৰ উদীয়মান ক্ৰিকেট খেলুৱৈ ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ খেলিব৷

যোৱা ১৮ ডিচেম্বৰত অনুষ্ঠিত হোৱা নিলামত ৰিয়ানক ৰাজস্থান ৰয়েলছে ২০ লাখ টকাত ক্ৰয় কৰে৷ তেওঁৰ লগতে তৃতীয় ৰাউণ্ডৰ নিলামত ৰাজস্থান ৰয়েলছে ২০ লাখ টকাত মনন বোহৰা আৰু ৫০ লাখ টকাত আষ্টন টুৰ্নাৰক ক্ৰয় কৰে৷

আই চি চি ইউ-১৯ ক্ৰিকেট ৱৰ্ল্ড কাপৰ বাবে স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা ৰিয়ান প্ৰাক্তন ৰঞ্জি খেলুৱৈ পৰাগ দাস আৰু সন্তৰণবিদ মিথু বৰুৱাৰ পুত্ৰ৷

২০১৯ চনৰ আই পি এলৰ বাবে জয়পুৰত নিলাম চলি আছে আৰু এই নিলামত ৩৯১ জন খেলুৱৈ অংশগ্ৰহণ কৰিছে৷ উল্লেখ্য যে, আগেয়ে বিক্ৰী নোযোৱা যুৱৰাজ সিঙক এইবাৰ মুম্বাই ইণ্ডিয়ানছে ১ কোটি টকাত ক্ৰয় কৰিছে৷