ডিজিটেল ডেস্কঃ নাছাত নিযুক্ত হ’ল তৃতীয়গৰাকী ভাৰতীয়৷ ৩৯ বছৰীয়া ভাৰতীয় মুলৰ ৰাজা ছাৰীক মহাকাশ যাত্ৰাৰ শ্ৰেণীৰ বাবে নাছাত নিযুক্ত দিয়া হৈছে৷

নাছাৰ ৱেৱছাইটত প্ৰকাশ হৈছে এই তথ্য৷ উক্ত শ্ৰেণীৰ বাবে ১৮ হাজাৰ ৩০০ জনে আবেদন কৰিছিল৷ উক্ত আবেদনকাৰীসকলৰ মাজত ১২ গৰাকীক নিৰ্বাচিত কৰিছে নাছাই৷

ৰাজা ছাৰীৰ পুৰ্বে এই বিশেষ শ্ৰেণীৰ বাবে নিৰ্বাচিত হোৱা ভাৰতীয় হৈছে কল্পনা চাওলা আৰু সুনীতা উইলিয়ামছ৷ বিশ্বৰ প্ৰখ্যাত শিক্ষানুষ্ঠান মাছাছুছেটছ ইনষ্টিটিউট অফ টেকন’লজিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৰাজা ছাৰীয়ে৷