হোজাই/গোলকগঞ্জঃ ৰাজ্যত মাথো কেইটামান ঘন্টাৰ ভিতৰত ৪টাকৈ ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ যোৱা ৫গৰাকী লোকৰ মৃত্যু হয়৷ ৰাজ্যৰ ৰাস্তা-ঘাটৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ অহাত প্ৰতিদিনে বহু লোক প্ৰাণ হেৰুৱাই আহিছে৷ সোমাবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জৰ হালাকুৰাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ নাৰায়ন সেন নামৰ এগৰাকী লোকৰ মৃত্যু হয়৷
জানিব পৰা মতে, AS-17-8717 নম্বৰৰ বাইকত দুজন লোক আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুবাই ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ গছত খুন্দা মাৰে৷ ফলত আগমনি থানাৰ কালডোৱা প্ৰথম খণ্ডৰ নাৰায়ন সেন নামৰ লোকজনৰ মৃত্যু হয় আনহাতে গুৰুতৰ ভাবে আহত হয় নাৰায়ন বাক্সি নামৰ লোকজন৷ ছাগলীয়াৰ পৰা আগমনি অভিমুখে গৈ থকা অৱস্থাত দুর্ঘটনাটো সংঘটিত হয়৷