কলিয়াবৰঃ ৰাজ্য খনত নাৰীও আজিও সুৰক্ষিত নহয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও নিৰ্যাতন, ধৰ্ষণৰ বলি হয়৷ অসমৰ নাৰীয়ে নিজৰ সুৰক্ষা বিচাৰি বাৰে বাৰে ৰাজ পথলৈ ওলাই আহি চিঞৰিব লগা হয়৷ নাৰীয়ে আত্মৰক্ষাৰ বাবে ৰাজ পথলৈ ওলাই আহিব লগা হয়৷ নাৰীয়ে একাংশ পুৰুষৰ অত্যাচাৰ সহ্য কৰিব লগা হয়৷ আজিৰ নাৰী চাৰি বেৰৰ মাজত সোমাই থকা নাই যদিও একাংশ পুৰুষে নাৰীক আজিও অত্যাচাৰ কৰিবলৈও এৰা নাই৷
দেশৰ অন্য প্ৰান্তৰ কথা বাদেই, আমাৰ ৰাজ্যখনতে একাংশ দুঃচৰিত্ৰৰ পুৰুষৰ বাবে অসুৰক্ষিত হৈ পৰিছে নাৰী৷ গাৰ্হস্থ্য হিংসাৰ লগতে প্ৰতিনিয়ত ধৰ্ষণ, নিৰ্যাতন, যৌতুকজনিত অত্যাচাৰৰ সন্মুখীন হৈ আহিছে আজিৰ নাৰী৷ নিশা নালাগে দিনতে নাৰী আজি ক’তো সুৰক্ষিত নহয়৷ তাৰ মাজতে, ঢেকিয়াজুলিৰ চিৰাজুলিত সংঘটিত হয় নিকৃষ্ট কাণ্ড৷