গুৱাহাটীঃ সোমবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ পৰা এটি ৫ বছৰীয়া শিশুক অপহৰণ হোৱাৰ ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে আৰক্ষীয়ে প্ৰায় ১০ ঘন্টীয়া অভিযানৰ অন্তত শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ গুৱাহাটী মহানগৰ আৰক্ষীয়ে প্ৰায় ১০ ঘন্টীয়া অভিযানৰ অন্তত মহানগৰীৰ ফটাশীল আমবাৰীৰ ভাস্কৰ নগৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশুটোক৷
জানিব পৰা মতে, মানভিক নামৰ ৫ বছৰীয়া শিশুটোক সোমবাৰে পৰিয়ালৰ লোকে খ্ৰীষ্টান বস্তীৰ kidveda স্কুলত থৈ আহে৷ তাৰ মাজতে প্ৰায় ১১.৩০ বজাত বিদ্যালয় খনত এগৰাকী লোক উপস্থিত হৈ মানভিৰ পৰিয়ালৰ লোক বুলি চিনাকি দিয়ে৷ শিশুটোক নগাঁৱৰ আলহীৰ ঘৰলৈ নিব লাগে বুলি স্কুলৰ পৰা লৈ আহে৷ লোকগৰাকীয়ে শিশুটোক বিদ্যালয়ৰ পৰা লৈ অহাৰ পিছতে মাতৃ বিদ্যালয়ত উপস্থিত হয়৷