newsnextone.com। বটদ্ৰৱাঃ শুকুৰবাৰে বিয়লি বিদ্যালয়ৰ পৰা ওভতাৰ পথত বটদ্ৰৱাৰ এগৰাকী শিক্ষয়িত্ৰীৰ স্কুটীত এখন ট্ৰেভেলাৰে খুন্দা মৰাৰ ফলত কথমপি প্ৰাণৰক্ষা পৰে যদিও অতি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ৷
পূৱ শান্তিজানপাৰ বালিকা মুক্তাৱ বিদ্যালয়ৰ শিক্ষয়িত্ৰী গীতামণি পাঠকে শান্তিজানৰ ওপৰৰ ১/১ পকী দলংখন পাৰ হোৱাৰ লগে লগে ধিঙৰ দিশৰ পৰা বড়িবজাৰলৈ আহি থকা এ এছ ০১-এফ চি-১৩০৭ নম্বৰৰ গাড়ীখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই শিক্ষয়িত্ৰীগৰাকীৰ স্কুটীত খুণ্ডা মৰাৰ ফলত কিছু দূৰৈত চিটিকি পৰে গীতামনি পাঠক ৷