54
newsnextone.com। বটদ্ৰৱাঃ গাৰ নোম শিয়ঁৰি উঠা নগাঁও জিলাৰ লালুংগাঁও বলাৎকাৰ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অপৰাধী জাকিৰ হুছেইনক নগাঁও চিজেএম আদালতে শুকুৰবাৰে ফাঁচিৰ ৰায়দান কৰে ৷
নগাঁও জিলাৰ বিভিন্ন সংগঠন,সচেতন ব্যক্তিৰ লগতে অধিবক্তা সমাজ তথা বৃহত্তৰ বটদ্ৰৱা এলেকাৰ ৰাইজে পুৱাৰে পৰা অতি আগ্ৰহেৰে বাট চাই আছিল শাস্তি ঘোষণা হোৱা সেই সময়খিনিলৈ৷ ইতিমধ্যে আদালতে অপৰাধী জাকিৰ হুছেইনক চুড়ান্ত শাস্তি প্ৰদান কৰি ঐতিহাসিক ৰায়দান কৰে৷