newsnextone.com। তিনিচুকীয়াঃ উজনি অসমৰ তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী এখন গাওঁ ২নং সৰু ডিৰাক। কেইজনমান প্ৰকৃতিপ্ৰেমী যুৱকৰ উদ্যোগত থলুৱাভাৱে উপলব্ধ হৈছে আম, কঠাল,জামু,মধুৰি ইত্যাদিৰ ফলমূলৰ পুলি-গুটি সংগ্ৰহ কৰি এখন নাৰ্চাৰী সাজি উলিওৱা কাৰ্যই সেউজ বিপ্লৱৰ সূচনা কৰিছে।
লগতে ভিতৰুৱা অঞ্চলটোত যুৱক সকলে চাকৰিৰ বাবে নাৰ্চাৰী দৰে উদ্যোগ গঢ়ি তোলা কাৰ্যই প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে যুৱক কেইজন ৷ ক্ৰমাৎ ধ্বংসৰ গৰাহলৈ গতি কৰা কুমচাং বনাঞ্চলৰ জীৱ-জন্তু, চৰাই-চিৰিকটি সমূহে অদূৰ ভৱিষ্যতে যাতে খাদ্যৰ অভাৱত পৰিব লগীয়া নহয়, তাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ফলমূলৰ বৃক্ষ ৰোপণ কৰি প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ লগতে বনাঞ্চলখনক সৰ্বাংগসুন্দৰ আৰু আকৰ্ষণীয় ৰূপত গঢ় দি পৰ্যটনৰ এক কেন্দ্ৰবিন্দু হিচাপে পৰিচিত কৰোৱাটো তেওঁলোকৰ লক্ষ্য৷