পাঞ্জাবাৰীঃ গুৱাহাটী বুলিলেই মনলৈ আহে বৰ বৰ ঘৰ আৰু সুন্দৰ ৰাজপথৰ কথা ৷ আভিজাত্যৰ চহৰ, উত্তৰ-পূৱৰ দুৱাৰমুখ আদি নামেৰে বিভূষিত গুৱাহাটী মহানগৰী৷ কিন্তু প্ৰকৃতাৰ্থত গুৱাহাটী মহানগৰী আভিজাত্যৰ চহৰ বা উত্তৰ-পূৱৰ দুৱাৰমুখ আদি বিভূষণ পাব পৰাকৈ যোগ্য হৈ আছেনে?
পাশ্বৱর্তী এলেকাটো দূৰৰে কথা খোদ মহানগৰীৰ মাজ-মজিয়াৰ পয়ালগা স্বৰূপে মানুহক অতিষ্ঠ কৰি তুলিছে৷ ৮০ শতাংশ পথেই যাতায়তৰ অনুপযোগী হৈ পৰিছে। সেয়া চানমাৰিৰ পৰা নুনমাটিলৈয়ে হওক নতুবা পাঞ্জাবাৰীৰ পথেই হওক, প্ৰতিটো গুৰুত্বপূৰ্ণ পথেই জৰাজীৰ্ণ৷