পাঞ্জাবাৰীঃ গুৱাহাটী বুলিলেই মনলৈ আহে বৰ বৰ ঘৰ আৰু সুন্দৰ ৰাজপথৰ কথা ৷ আভিজাত্যৰ চহৰ, উত্তৰ-পূৱৰ দুৱাৰমুখ আদি নামেৰে বিভূষিত গুৱাহাটী মহানগৰী৷ কিন্তু প্ৰকৃতাৰ্থত গুৱাহাটী মহানগৰী আভিজাত্যৰ চহৰ বা উত্তৰ-পূৱৰ দুৱাৰমুখ আদি বিভূষণ পাব পৰাকৈ যোগ্য হৈ আছেনে?

পাশ্বৱর্তী এলেকাটো দূৰৰে কথা খোদ মহানগৰীৰ মাজ-মজিয়াৰ পয়ালগা স্বৰূপে মানুহক অতিষ্ঠ কৰি তুলিছে৷ ৮০ শতাংশ পথেই যাতায়তৰ অনুপযোগী হৈ পৰিছে। সেয়া চানমাৰিৰ পৰা নুনমাটিলৈয়ে হওক নতুবা পাঞ্জাবাৰীৰ পথেই হওক, প্ৰতিটো গুৰুত্বপূৰ্ণ পথেই জৰাজীৰ্ণ৷

এজাক বৰষুণতে ৰাজপথত সৃষ্টি হয় এক অবৰ্ণনীয় পৰিৱেশৰ। তাৰ মাজতে পথত বৰ বৰ গাত৷ তেনে এটি পথ আজি একাংশ যুৱক ওলাই আহি মেৰামতি কৰি যাতায়তৰ বাবে উপোগী কৰি তোলে৷ মহানগৰৰ পাঞ্জাবাৰী-সোণাপুৰ পথৰ বতাহঘূলি-জনশিমলু অংশটো যুৱকসকলে মেৰামতি কৰে৷

এজাক বৰষুণতে ৰাইজে পথটোৰ বতাহঘূলি-জনশিমলু অংশটোত হাতত চেন্দেল-জোতা লৈ মৰণক শৰণ কৰি আহ-যাহ কৰিবলগীয়া হয়৷ গাঁৱৰ দৰে মহানগৰীৰ মাজত স্কুলীয়া ছাত্র-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ীসকলে বাৰিষা বোকা-পানীৰ মাজেৰে আহ-যাহ কৰিবলগীয়া হয়৷

নিৰ্বাচনৰ সময়ত ভোট বিচাৰি নানান প্ৰতিশ্ৰতি দিয়া দিছপুৰৰ বিধায়ক অতুল বৰাই চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি সম্পূৰ্ণ হৈ যোৱাৰ পিছতো পথটো মেৰামতিৰ ব্যৱস্থা নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ বিজেপি-কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি স্থানীয় জনশিমলু যুৱক সংঘৰ সদস্যসকলে হাতে হাতে কোৰ লৈ বতাহঘূলি-জনশিমলুৰ পথতো মেৰামতি কৰে। দিছপুৰৰ পৰা নাতিদূৰৈৰ পাঞ্জাবাৰী-বতাহঘূলিক চৰকাৰৰ আঁচনিয়ে ঢুকি পাবনে বুলিও ক্ষুব্ধ ৰাইজে প্ৰশ্ন কৰে৷