গুৱাহাটীঃ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পৰ্বত সম সম্পত্তিৰ হিচাপ দাখিল কৰি ৰাজ্যত হৈ চে লগোৱা কংগ্ৰেছ নেতা অনিল ৰাজাক কংগ্ৰেছ দলে বিদায় দিলেও ৰাজ্যৰ বিজেপি চৰকাৰৰ ওচৰত ৰাজাৰ গুৰুত্ব বাঢ়িছে৷ একালৰ সতীৰ্থ অনিল ৰাজাই ৰকিবুলৰ বেনামী সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল৷
দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে দলৰ পৰা বহিস্কাৰ কৰিলেও ৰাজাৰ অভিযোগৰ ভিত্তিতে এতিয়া কংগ্ৰেছৰ প্ৰভাৱশালী নেতা প্ৰাক্তনমন্ত্ৰী ৰকিবুলৰ হুছেইনৰ সম্পত্তিৰ তদন্ত কৰিব চৰকাৰে৷