ডিজিটেল ডেস্কঃ ৰোনাল্ড, ৰিভাল্ডোৰ দৰে তাৰকাই বিশ্ব ফুটবলত দপদপাই থকাৰ সময়তে ফুটবল জগতত প্ৰৱেশ কৰিছিল এগৰাকী নতুন তাৰকাই৷ সদায় হাহিমুখে ফুটবলৰ পথাৰত দুৰ্দান্ত কিক, তীব্ৰ গতিৰ দৌৰে সকলোকে মোহিত কৰিছিল তাৰকাগৰাকীয়ে৷
ভৰিৰ যাদুৰে খলকনি লগাইছিল বিশ্বত৷ তেওৰ নাম আছিল ৰোনাল্ডিনহো৷ প্ৰায় দেৰ দশকৰ ভৰিৰ যাদু দেখুৱাৰ অন্তত ৰোনাল্ডিনহোৱে অৱসৰ লোৱাৰ কথা ঘোষণা কৰে৷ ফুটবলৰ জগতত ৰাজ কৰা খেলুৱৈইগৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে৷ বহু লিগৰ চেম্পয়িন, বহু গলৰ গৰাকী ৰোনাল্ডিনহোৱে ব্ৰাজিলৰ আগশাৰীৰ দল ফ্লুমিনঞ্চ এফচিৰ পৰা ২০১৫ চনত অৱসৰ গ্ৰহণ কৰে৷