ৰঙাপৰাঃ শোনিতপুৰ জিলাৰ ৰঙাপৰাৰ আগশাৰীৰ সামাজিক অনুষ্ঠান অসম কেশৰী প্ৰগতি সংঘই নামঘৰ প্ৰাংগনত দেওবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা কৃতী ছাত্র-ছাত্ৰীক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে।
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ আঠখন বিদ্যালয়ৰপৰা প্ৰথম বিভাগত উওীৰ্ন হোৱা মুঠ ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্ভৰ্ধনা জনোৱা হয়। লগতে গুৱাহাটি বিশ্ববিদ্যালয়ৰ স্নাতক বানিজ্য শাখাত প্ৰথম হোৱা ৰঙাপৰা মহাবিদ্যালয়ৰ উৎপল দাস আৰু বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোণিতপুৰ জিলাৰ ভিতৰত প্ৰথম হোৱা নিকুঞ্জ আগৰৱালাক সম্বৰ্ধনা জনোৱা হয়।