গুৱাহাটীঃ অৰ্থপেডিকৰ বৰ্হিঃবিভাগ, স্থান জিএমচিএইছ। ভিৰ ঠেলি প্লাষ্টাৰ লগাই থোৱা হাতখন কোনোমতে কাৰো গাত খুন্দা নলগাকৈ বিষক প্ৰত্যাহ্বান জনাই আদবয়সীয়া ৰোগীজন আগবাঢ়িছে। কাষত এজন যুৱক। হয়তো পুত্ৰ। বহুসময় ৰোৱাৰ পিছত ভিতৰৰ পৰা নিজৰ নামটো মতা শুনি চিকিৎসক থকা কোঠাটোলৈ আগুৱাই গ’ল তেওঁ।
চিকিৎসক থকা কোঠাত কেবাখনো টেবুল জোৰা লগাই এখন প্ৰকাণ্ড টেবুল কৰি তোলা হৈছে। সেই প্ৰকাণ্ড টেবুলখনৰ দুয়োকাষে ৬-৭ জন চিকিৎসক। এজন চিকিৎসকৰ ওচৰত তেওঁক চিকিৎসালয়ৰে কৰ্মী এজনে ৰ’বলৈ ক’লে। পাল পৰাত চিকিৎসকজনে তেওঁৰ প্ৰেছক্ৰিপশ্যন, এক্সৰে ৰিপ’ৰ্ট আদি চাই খছ খছকৈ কিবা কিবি লিখিলে।