নতুন দিল্লীঃ প্ৰসংগ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো। হাতত অত্যাধুনিক সমৰাস্ত্ৰ। দৃষ্টি নিৱদ্ধ সন্মুখৰ লক্ষ্যত। প্ৰশ্ন হ’ল লক্ষ্ণৌৰ প্ৰতিৰক্ষা মেলাত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকৃততেই কোনো লক্ষ্যক উদ্দেশ্যি গুলী চলাইছিল নেকি? উত্তৰ নাই চলোৱা। তেন্তে তেওঁ অত্যাধুনিক অস্ত্ৰ হাতত লৈ কেমেৰাৰ বাবেহে ‘প’জ’ দিছিল নেকি? উত্তৰ নহয়। তেওঁ গুলীও চলাইছিল। বিভ্ৰান্ত হৈছে নেকি? আচলতে প্ৰধানমন্ত্ৰী মোদীয়ে সেই বিশেষ মূহূৰ্তটোত গুলীবৰ্ষণ কৰিছিল এখন কাল্পনিক ক্ষেত্ৰত, ইংৰাজীত যাক অভিহিত কৰা হয়, ভাৰ্ছুৱেল শ্বুটিং ৰেঞ্জ বুলি।
কি এই ভাৰ্ছুৱেল শ্বুটিং ৰেঞ্জ?