newsnextone.com | ডিজিটেল ডেস্কঃ ৯ আগষ্টত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচন। ৰাজ্যসভাৰ নিৰ্বাচন এনডিএ বনাম কংগ্ৰেছ হৈ পৰে। কংগ্ৰেছে বুধবাৰে সাংসদ বী কে হৰিপ্ৰসাদৰ নাম ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে ঘোষণা কৰে। আনহাতে এনডিএৰ প্ৰাৰ্থী তথা জেডিইউৰ সাংসদ হৰি বংশই ইতিমধ্যে মনোনয়ন দাখিল কৰে। হৰিবংশই মনোনয়ন দাখিল কৰাৰ পিছতে সকলো এনডিএৰ দল একত্ৰিত হৈ থকা বুলি কয়।
সংখ্যাৰে চালে বিজেপিৰ নেতৃত্বৰ এনডিএ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰে চৰ্চা হৈছে। ইউপিএৰ প্ৰাৰ্থী হিচাপে মহাৰাষ্ট্ৰৰ এনচিপিৰ সাংসদ বন্দনা চবহানৰ নাম চৰ্চালৈ আহিছিল। কিন্তু বন্দনাৰ নাম সলনি কৰি কংগ্ৰেছ নেতা বী কে হৰিপ্ৰসাদৰ নাম ঘোষণা কৰে কংগ্ৰেছ নেতা আনন্দ শৰ্মাই।