নগাঁওঃ অৱশেষত ভাল খবৰটো আহিল নগাঁৱৰ উত্তৰ প্ৰান্তৰ ৰাইজৰ বাবে৷ দীৰ্ঘদিনীয়া দাবীৰ অন্তত ৰূপহীৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ৰূপহী কলেজক বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যাল কৰ্তৃপক্ষই বিজ্ঞান শাখা খোলাৰ অনুমতি প্ৰদান কৰে৷
এই খবৰ পোৱা মাত্ৰকে উৎফুল্লিত হৈ পৰিছে উত্তৰ নগাঁওবাসী৷ ৰূপহী কলেজৰ অধ্যক্ষ ড০ ভূবনানন্দ পাটনাকৰ তথা প্ৰৱক্তাসকলৰ প্ৰচেষ্টাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এই অনুমতি লাভ কৰিবলৈ সমৰ্থ হয় মহাবিদ্যালয়খনে।লগতে চলিত বৰ্ষত বিজ্ঞান শাখাত ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তিৰ অনুমতি লাভ কৰে৷