52
newsnextone.com | নগাঁওঃ সমাজ, সাহিত্য-সংস্কৃতিৰ মঞ্চ ৰূপান্তৰৰ উদোগত নগাঁও জিলাৰ জলাহ গাঁৱত ১-১০ জুলাই লৈ অনুষ্ঠিত হোৱা অভিনয় আৰু নৃত্যৰ কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে।
নতুন প্ৰজন্মৰ মানসিক আৰু বৌদ্ধিক তথা সামাজিক বিকাশৰ বাবে আয়োজন কৰা কৰ্মশালাত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ অন্তত জলাহ গাঁৱত অনুষ্ঠিত হয় শিশুৰ মেলাৰ। শিশু মেলাত কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে অভিনয়, নৃত্য-গীত আৰু নাট পৰিবেশন কৰে।