শদিয়াঃ অৱশেষত অসমবাসীয়ে বাঞ্ছা নকৰা ৰক্তাক্ত পৰিৱেশেই সষ্টি হ’ল অসমত। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কুটিল ৰাজনীতি চলি থকাৰ মাজতে তিনিচুকীয়া জিলাৰ ধলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। শদিয়া আৰক্ষী জিলাৰ অন্তৰ্গত ধলাৰ কেঁচাইখাতী থানাৰ সমীপৰ খেৰবাৰীত অচিনাক্ত দুৰ্বৃত্তই ৫ জন লোকক গুলীয়াই নিহত কৰে। শদিয়াৰ আৰক্ষী অধিক্ষক প্ৰশান্ত সাগৰ চাংমাই এই ঘটনাৰ সত্যতা স্বীকাৰ কৰিছে।
স্থানীয় লোকে প্ৰকাশ কৰা মতে সেনাৰ পোছাকত অহা দুৰ্বৃত্তৰ দলটোৱে ভাষিক সংখ্যালঘু অধ্যুষিত খেৰবাৰীত প্ৰৱেশ কৰি কেইবাজনো লোকক শাৰী পাতিবলৈ নিৰ্দেশ দি জধে-মধে গুলীয়াবলৈ আৰম্ভ কৰে।