শিৱসাগৰঃ শিৱসাগৰ শিৱ মন্দিৰ চৌহদত বহুতো গৃহহীন লোকে বাস কৰি আহিছে আৰু তেওঁলোকে নিজৰ জীৱন যাপন কৰিবলৈ বহুতো অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। কেতিয়াবা কোনোবাই খাবলৈ দিলে পেটৰ ভোক নোহোৱা হয় আৰু নহলে অনাহাৰে দিন পাৰ কৰিব লাগে।
শিৱসাগৰৰ শিৱ মন্দিৰত থকা এগৰাকী মাতৃযে যোৱা নিশা মৃত্যুক সাৱটি ললে আৰু আজি পৰ্যন্ত অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাছিল আৰ্থিক ভাৱে দুৰ্বল সন্তানে । শিৱসাগৰ শিৱ দৌল কমিটিয়ে খৰি দি নিজৰ দায়িত্ব সামৰিলে বুলি পুত্ৰই জনায়। গোটেই জীৱন শিৱ মন্দিৰত থকা মাতৃ গৰাকীৰ প্ৰতি কৰা অৱহেলাৰ বাবেই মৃতদেহ পথৰ কাষত পেলাই ৰাখিব লাগা হৈছিল। কি এইয়াই মানৱীয়তা নেকি?