কোকৰাঝাৰঃ চিলাপথাৰ কাণ্ডৰ মুল অভিযুক্ত বুলি চিহ্নিত সুবোধ বিশ্বাস অদ্যপি পলাতক হৈ থকাৰ সময়তে অাজি বিপিএফ দলে চিলাপথাৰ কাণ্ডৰ সৈতে বিপিএফ দলৰ পলিচি মেকিং বডিৰ সদস্য সহদেৱ দাস জড়িত থকা বুলি উত্থাপিত অভিযোগৰ অাঁত ধৰি সহদেৱ দাসক দলৰ পৰা বহিষ্কাৰ কৰে।

অাজি বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অায়োজিত হোৱা বিপিএফৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত সৰ্বসন্মতিক্ৰমে সহদেৱ দাসক বহিষ্কাৰৰ সিদ্ধান্ত গৃহীত হোৱাৰ পিছত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উক্ত সিদ্ধান্তৰ কথা সংবাদমাধ্যমৰ অাগত সদৰি কৰে।

সংবাদমাধ্যমত সহদেৱ দাস চিলাপথাৰ কাণ্ডৰ সৈতে জড়িত বুলি বা-বাতৰি প্ৰকাশ হোৱাৰ বাবেই অাজি বিপিএফৰ কৰ্ণধাৰ সমিতিয়ে সহদেৱ দাসক বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি সদৰী কৰিছে হাগ্ৰামা মহিলাৰীয়ে। অানহাতে কৰ্ণধাৰ সমতিৰ বৈঠকত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো অালোচনা কৰা হয় বুলি সদৰী কৰি চৰকাৰে ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াৰ সিদ্ধান্তক অাদৰণি জনাইছে হাগ্ৰামা মহিলাৰীয়ে।

তদুপৰি অহা এপ্ৰিল মাহত বড়োলেণ্ড ছাত্ৰ সন্থা অাৰু যুৱ বিপিএফৰ উদ্যোগত বিটিএডিৰ জিলাই জিলাই যুৱ মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি সদৰী কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।