কোকৰাঝাৰঃ চিলাপথাৰ কাণ্ডৰ মুল অভিযুক্ত বুলি চিহ্নিত সুবোধ বিশ্বাস অদ্যপি পলাতক হৈ থকাৰ সময়তে অাজি বিপিএফ দলে চিলাপথাৰ কাণ্ডৰ সৈতে বিপিএফ দলৰ পলিচি মেকিং বডিৰ সদস্য সহদেৱ দাস জড়িত থকা বুলি উত্থাপিত অভিযোগৰ অাঁত ধৰি সহদেৱ দাসক দলৰ পৰা বহিষ্কাৰ কৰে।
অাজি বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অায়োজিত হোৱা বিপিএফৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত সৰ্বসন্মতিক্ৰমে সহদেৱ দাসক বহিষ্কাৰৰ সিদ্ধান্ত গৃহীত হোৱাৰ পিছত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উক্ত সিদ্ধান্তৰ কথা সংবাদমাধ্যমৰ অাগত সদৰি কৰে।