110
নগাওঁঃ শাৰীৰিক বাধাকো নেওচি সম্পূৰ্ণ একাগ্ৰতাৰে সাহিত্য সৃষ্টিত মনোনিৱেশ কৰি এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হোৱা বিশেষভাৱে সক্ষম লেখিকা জুৱালা বৰালৈ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা সোঁৱৰণী বঁটা৷
নগাঁৱৰ ডিমৌৰ নাতিদূৰৈৰ এছ কে বি এলৰ কুঁজাৰবড়ি নিবাসী জুৱালা বৰাৰ “মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছো” শীৰ্ষক আত্মজীৱনীমূলক গ্ৰন্থখনৰ বাবে অসম সাহিত্য সভাই প্ৰদান কৰিছে এই বঁটা৷